১। গণিতৰ মূল শাখা দুটা কি কি?
উত্তৰঃ বিশুদ্ধ গণিত (Pure Mathematics) আৰু ব্যৱহাৰিক গণিত (Applied Mathematics)
২। খ্ৰীঃপূঃ ২৩০ চনত কোনে আটাইবোৰ মৌলিক সংখ্যা বিচাৰি উলিয়াব পৰা পদ্ধতি এটা উদ্ভাৱন কৰি উলিয়াইছিল?
উত্তৰঃ এৰাট’ছথেনিছ্ (Eratosthenes)
৩। সময় ৭ বাজি ২০ মিনিট। মিনিটৰ কাঁটা আৰু ঘন্টাৰ কাঁটাৰ মাজৰ কোণটো কিমান ডিগ্ৰী?
উত্তৰঃ ১০০ ডিগ্ৰী
৪। অষ্টভুজ এটাত কিমানডাল কৰ্ণ থাকে?
উত্তৰঃ ২০
৫। ঋণাত্মক একৰ বৰ্গমূলক কি চিহ্নৰে বুজোৱা হয়?
উত্তৰঃ i (iota)
৬। পৃথিৱীৰ আয়তন কিমান?
উত্তৰঃ ১,০৯০,০০০,০০০,০০০ ঘন কিলোমিটাৰ
৭। ১৬৫৪ চনত কোনে সম্ভাৱিতা তত্ব উদ্ভাৱন কৰিছিল?
উত্তৰঃ ব্লেইজ পাস্কেল আৰু পিয়েৰে দি ফাৰ্মা
৮। ভেক্টৰ বিশ্লেষণৰ জনক বুলি কাক জনা যায়?
উত্তৰঃ জে উইলাৰ্ড গিব্ছ্ (J Willard Gibbs) 
৯। X-অক্ষ আৰু Y-অক্ষক আমি কি বুলি নামকৰণ কৰো?
উত্তৰঃ ভূজ (Abscissa) আৰু কোটি (Ordinate) 
১০। X-অক্ষ, Y-অক্ষ আৰু Z-অক্ষই ক্ষেত্ৰ এখনক কিমানটা সমান অষ্টাংশত ভাগ কৰে?
উত্তৰঃ ৮টা
☺☺☺
LikeLike