নাটিকাঃ
১৫ জুলাই, ২০১৭।
সময়ঃ ৰাতি ৮ বজা।
চলিহা অফিচৰ পৰা আহি হাত-ভৰি ধুই অলপ জিৰণি লোৱাৰ চলেৰে তেওঁৰ পঢ়া কোঠাটোত সোমাইছেহি। আৰামী চকীখনত বহি লৈ হাতত তুলি লৈছে ছাইমন সিঙৰ “ফাৰ্মাছ লাষ্ট থিয়ৰাম” নামৰ কিতাপখন।

তেওঁ পাত লুটিয়াইছে। এনেতে তেওঁৰ পৰিবাৰ মিচেছ চলিহা সোমাই আহে। হাতত একাপ চাহ।
ঃ আজিৰ সন্ধিয়াটোৰ চাহকাপ বাৰু আপুনি কাৰ লগত খাব? – কিতাপখনৰ ফালে চাই চাহকাপ আগবঢ়াই দি মিচেছ চলিহাই কথাষাৰ সোধে।
ঃ আজিৰ অতিথি পিয়েৰে দে ফাৰ্মা। তুমি আমনি নকৰিবা। তুমি আকৌ মোক বৰকৈ ইৰ্ষা কৰা নহয় – চলিহাই মিচিকিয়াই কথাখিনি কয়।
দুয়ো হাঁহে।
ঃ নকৰো বাৰু। আপুনি হাত-ভৰি ধুব যোৱাৰ পিছত দত্তই ফ’ন কৰিছিল। আপোনাক হেনো এটা সাংঘাটিক কথা কব লগা আছে। আপুনি তেখেতৰ লগত কথা পাতিব। – এইবুলি কৈ মিচেছ চলিহা ওলাই যায়।
চলিহাই চাহৰ কাপত চুমুক দিয়ে আৰু দত্তক ফ’ন মিলায়।

ঃ কি সাংঘাটিক কথা হে, দত্ত?
ঃ মিৰ্জাখানি আৰু নাই। কেঞ্চাৰে নিলে। – দত্তই পোনপটীয়াকৈ কথাখিনি কয়।
ঃ মাৰিয়াম মিৰ্জাখানি? – চলিহাৰ বুকু কপে।
ঃ অ। মাৰিয়াম মিৰ্জাখানি।
ঃ কেতিয়া?
ঃ আজি।
ঃ ক’ত?
ঃ কেলিফৰ্নিয়াৰ হস্পিতাল এখনত। কেঞ্চাৰত।
চলিহা কিছুপৰ মৌন।
ঃ হব দিয়ক। ধন্যবাদ। – এইবুলি কৈ চলিহাই ফ’নটো সামৰে।
“ফাৰ্মাছ লাষ্ট থিয়ৰাম”খন জপাই তেওঁ টেবুলৰ ওপৰত থয়। কম্পিউটাৰটো অন্ কৰি গুগলত চাৰ্চ কৰে- Maryam Mirzakhani. “Maryam Mirzakhani, the first woman to win the prestigious Fields Medal, died today in California due to breast cancer” শীৰ্ষক লিংকবোৰেৰে চলিহাৰ কম্পিউটাৰৰ স্ক্ৰীন ভৰি পৰে।
সময়ঃ ১০ বজা। চলিহা ভাত খাব বহিছে।

মিচেছ চলিহাই সোধেঃ “সাংঘাটিক কথাটো গম পালে?”
সেমেনা সেমেনি কৰি চলিহাই কয়ঃ “উম্ পালো। মাৰিয়াম মিৰ্জাখানি আৰু নাই!”
ঃ গণিতৰ মানুহ আছিল নেকি?
ঃ ফিল্ডছ্ মেডেল পোৱা প্ৰথমগৰাকী আৰু এতিয়ালৈকে একমাত্ৰ মহিলা।
ঃ হয় নেকি? নাৰীজাতিটোৰ বাবেচোন আদৰ্শ তেওঁ- মাৰিয়াম মিৰ্জাখানি! তেওঁৰ কথা হলে আগতে শুনা নাছিলো।
ঃ তোমালোকৰ মহিলা গোটটো যে আছে- তোমালোকে কালি মিৰ্জাখানিৰ কাৰণে এখন শোকসভা পাতিব পাৰা। তেওঁ তোমালোকৰ আদৰ্শ।
ঃ পতাৰ আশা ক্ষীণ। কোনো দৰকাৰ নাই বুলি কব সকলোৱে।
ঃ ঠিকেই। যা-তা বিষয়ত ধৰ্ণা দিয়াৰ পৰা আহৰি পালেহে তোমালোকে কৰিবলগীয়া কামখিনি কৰিব সময় পাবা।

ঃ গণিতৰ লগত জড়িত কোনোবা এজনৰ কিবা এটা হলে আপুনি কিয় ইমান সংবেদনশীল হৈ পৰে?
ঃ গণিত মোৰ উশাহ।
মূল কথাঃ

মাৰিয়াম মিৰ্জাখানি (Maryam Mirzakhani) ৰ নাম শুনিছেনে? গণিতৰ লগত জড়িত মানুহখিনিৰ বাবে এটা চিনাকি নাম। গণিতৰ ক্ষেত্ৰখনত মিৰ্জাখানিৰ অৱদান অতুলনীয়। কিছুমানে তেওঁক “গণিতৰ ৰাণী” বুলিও অভিহিত কৰে। তেওঁৰ এই অৱদানক সন্মান জনাই ২০১৪ চনৰ ১৩ আগষ্ট তাৰিখে তেওঁক ফিল্ডছ্ মেডেল (Fields Medal) দিয়া হৈছিল। ফিল্ডছ্ মেডেলক গণিতৰ ন’বেল বঁটা আখ্যা দিয়া হয়, কিয়নো গণিতৰ ক্ষেত্ৰখনৰ ই এটা সৰ্বশ্ৰেষ্ঠ বঁটা (২০০৩ চনৰ পৰা দি আহি থকা এবেল বঁটাকো গণিতৰ ন’বেল বঁটা আখ্যা দিয়া হয় যিটো বঁটা প্ৰতি বছৰে প্ৰদান কৰা হয়)। ফিল্ডছ্ মেডেল প্ৰতি চাৰি বছৰৰ মূৰে মূৰে সাধাৰণতে চাৰিজনকৈ চল্লিছৰ ঊৰ্ধত নোযোৱা গণিতজ্ঞকহে দিয়া হয় যিসকলৰ অৱদান গণিতৰ ক্ষেত্ৰখনত অতি উল্লেখযোগ্য। ২০১৪ চনত যেতিয়া মিৰ্জাখানিক এই বঁটা প্ৰদান কৰা হৈছিল- তেওঁ পৃথিৱীৰ সকলোবোৰ সংবাদ মাধ্যমৰে শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল। কাৰণ? কাৰণ ১৯৩৬ চনৰ পৰা দি আহি থকা এই ফিল্ডছ্ মেডেল পোৱা তেওঁয়েই প্ৰথমগৰাকী- আৰু এতিয়ালৈকে একমাত্ৰ মহিলা। লগতে তেওঁ ইৰাণ দেশৰ প্ৰথমগৰাকী ফিল্ডছ্ মেডেল পোৱা গণিতজ্ঞ।





দুখ লগা কথা এইটোৱেই যে এইজনা মহান গণিতজ্ঞৰ যোৱা ১৫ জুলাই (২০১৭) তাৰিখ শনিবাৰে কেলিফৰ্ণিয়াত দেহাৱসান ঘটে। ২০১৩ চনৰে পৰা সুদীৰ্ঘ চাৰিবছৰকাল কেঞ্চাৰৰ লগত যুঁজি যুঁজি অৱশেষত তেওঁ সেই অন্তিম ক্ষণটোত উপস্থিত হয়হি। তেওঁ এৰি থৈ যায় এটি কন্যা সন্তান-লগতে তেওঁৰ আদৰ্শ। বেমাৰত ভুগি থকাৰ পিছতো তেওঁ গণিত চৰ্চা কৰি গৈ আছিল আৰু ফিল্ডছ্ মেডেলৰ নিচিনা এটি দুৰ্লভ বঁটাৰ অধিকাৰী হবলৈ সক্ষম হৈছিল।

মাৰিয়াম মিৰ্জাখানিৰ জন্ম হৈছিল ১৯৭৭ চনৰ ৩ মে তাৰিখে ইৰাণ দেশৰ তেহৰানত।

১৯৯৪ চনত মিৰ্জাখানি হৈ পৰিছিল ইৰাণৰ প্ৰথমগৰাকী ছোৱালী যিয়ে আন্তৰ্জাতিক গণিত অলিম্পিয়াডত সোণৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ পিছৰ বছৰ, ১৯৯৫ চনত মিৰ্জাখানি হৈ পৰিছিল প্ৰথমগৰাকী ইৰাণৰ প্ৰতিযোগী যিয়ে আন্তৰ্জাতিক গণিত অলিম্পিয়াডত সম্পূৰ্ণ নম্বৰ পোৱাৰ লগতে দুটাকৈ সোণৰ পদক পাবলৈ সক্ষম হৈছিল।

তেহৰানৰ পৰা মিৰ্জাখানিয়ে বি এচ্ চি পাছ কৰি গ্ৰেজুৱেশ্বনৰ বাবে যুক্তৰাষ্ট্ৰলৈ ঢাপলি মেলে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰি তেওঁ গণিতৰ অধ্যাপনা কৰে। প্ৰথমতে প্ৰিন্সটন বিশ্ববিদ্যালয়- তাৰপিছত ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপিকা হিচাপে কাম কৰে। মিৰ্জাখানিয়ে নিজকে এজনী লেহেমীয়া গতিৰ গণিতজ্ঞ হিচাপে পৰিচয় দিছিল। তেওঁ কৈছিল, “গণিতৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ হলে আমি ভালেখিনি শক্তি খৰচ কৰাৰ লগতে আমাৰ সামৰ্থ্যখিনিও কামত লগাব লাগিব।”


মিৰ্জাখানিৰ কামবোৰ প্ৰধানকৈ জ্যামিতি ক্ষেত্ৰখনৰ লগত জড়িত। মিৰ্জাখানিয়ে তেওঁৰ এই ক্ষেত্ৰখনত এনেকুৱা কিছুমান কাম কৰি থৈ গৈছে যিবোৰ ব্যৱহাৰ কৰি সেই ক্ষেত্ৰখনৰ গণিতজ্ঞবোৰে বহু সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে। মিৰ্জাখানিক মেৰী কুৰীৰ লগত তুলনা কৰিব পাৰি যিজনী বিজ্ঞানীয়ে বিজ্ঞানৰ দুটাকৈ ন’বেল বঁটা পাবলৈ সক্ষম হৈছিল। বহুবছৰ ধৰি সমাধান কৰিব নোৱাৰা দুটাকৈ সমস্যা ও মিৰ্জাখানিয়ে সমাধান কৰি থৈ গৈছে। তেওঁ আধুনিক গণিতৰ ধাৰাটো বহু পৰিমাণে সলনি কৰি থৈ গ’ল। তেওঁৰ কামবোৰৰ দ্বাৰা আমি বিশ্ব-ব্ৰহ্মাণ্ডৰ আকাৰৰ কথাও গম পাব পৰা হৈছো। মিৰ্জাখানিৰ বিয়োগ গোটেই পৃথিৱীবাসীৰ বাবে এক বৃহৎ ক্ষতি।

২০০৮ চনত ক্লে মেথেমেটিকছ্ ইনষ্টিটিউটৰ লগত হোৱা এটা সাক্ষাৎকাৰত মিৰ্জাখানিয়ে কৈছিল যে তেওঁ সৰুতে এজনী লেখিকা হোৱাৰহে সপোন দেখিছিল আৰু সৰুতে স্কুলত থাকোতে গণিতত বহু কম নম্বৰ পাইছিল। মিৰ্জাখানিৰ দদায়েকেহে তেওঁক গণিত আৰু বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল। স্কুলৰ শেষৰ বছৰটোত তেওঁৰ গণিতৰ প্ৰতি স্পৃহা বাঢ়িছিল আৰু গণিতেই অধ্যয়ন কৰিব বুলি ঠিৰাং কৰিছিল।

মৃত্যুৰ দিনা, মিৰ্জাখানিৰ প্ৰতি সন্মান জনাই ইৰাণৰ ৰাষ্ট্ৰপতি হাছান ৰৌহানিয়ে এটা চ’চিৱেল নেটৱৰ্কিং চাইটত নিজৰ মন্তব্যসহ মিৰ্জাখানিৰ ফটো এখন প্ৰকাশ কৰে। আচৰিত হব লগা কথা এইটোৱেই আছিল যে মিৰ্জাখানিৰ ফটোখনত কোনো হিজাব নাছিল। ইৰাণৰ পৰম্পৰামতে কোনো ইৰাণী মহিলাৰ ফটো ৰাজহুৱা স্থানত বিনা হিজাবত প্ৰকাশ পাব নোৱাৰে আৰু কোনো ইৰাণী মহিলা বিনা হিজাবত ৰাজহুৱা স্থানত চলা-ফুৰা কৰিব নোৱাৰে।

২০১৪ চনত ফিল্ডছ্ মেডেল পোৱাৰ সময়ত মিৰ্জাখানিৰ ফটো ইৰাণৰ বাতৰি কাকতবোৰে সম্পাদনা কৰি হিজাব লগাইহে প্ৰকাশ কৰিছিল আৰু কিছুমান বাতৰি কাকতে মিৰ্জাখানিৰ মুখমণ্ডলৰ অংকিত ছবিৰ একাংশহে প্ৰকাশ কৰিছিল।কিন্তু এতিয়া ইৰাণৰ সকলোবোৰ বাতৰিকাকতেই মিৰ্জাখানিৰ প্ৰতিচ্ছবি বিনা হিজাবত প্ৰকাশ কৰিছে। এয়া এজন মহান গণিতজ্ঞৰ প্ৰতি সন্মান তেওঁৰ দেশবাসীৰ দ্বাৰা।

ইৰাণৰ পৰম্পৰামতে, ইৰাণবাসীয়ে অ-মুছলমান লোকৰ লগত বিবাহ পাশত আৱদ্ধ হব নোৱাৰে। যদিহে কোনোবাই তেনেকুৱা কৰে তেন্তে তেওঁলোকক কেইবাবছৰৰ বাবে কাৰাদণ্ড বিহা হয় আৰু তেওঁলোকে বিয়া কৰোৱা অ-মুছলমান সংগীজনে যদি মুছলমানলৈ পৰিৱৰ্তন নহয় তেন্তে তেওঁলোকৰ সন্তানে ইৰাণৰ নাগৰিকত্ব পোৱাটো দূৰৰে কথা ইৰাণ ভ্ৰমণ কৰাৰ সুযোগকণৰ পৰাও বঞ্চিত হব লগা হয়। মিৰ্জাখানিয়ে এজন অ-মুছলমানলোকক বিয়া কৰাইছিল যাৰ লগত তেওঁ একেলগে ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। মিৰ্জাখানি ইৰাণ উভতি অহা হ’লে সেই কঠোৰ শাস্তিৰ সন্মুখীন হব লাগিলহেঁতেন। মিৰ্জাখানিৰ মৃত্যুৰ পিছদিনা ইৰাণৰ ৬০ জন পাৰ্লিয়ামেন্টৰ সদস্যই চৰকাৰক তেনেকুৱা এটা পৰম্পৰা পৰিহাৰ কৰি চলিবলৈ আহ্বান জনায়। তেওঁলোকে কয় যে অ-মুছলমানলোকক বিয়া কৰোৱা ইৰাণবাসীৰ সন্তানে ইৰাণৰ নাগৰিকত্ব পোৱা উচিত। ইয়াৰ জৰিয়তে তেওঁলোকে এইটোৱেই বিচাৰিছে যে মিৰ্জাখানিৰ একমাত্ৰ কন্যা সন্তানটিয়ে যাতে ইৰাণৰ নাগৰিকত্ব পায় আৰু কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ মাকৰ দেশত চলা-ফুৰা কৰিব পাৰে। এইবোৰৰ জৰিয়তে মিৰ্জাখানিৰ প্ৰতি থকা তেওঁলোকৰ কৰ্তব্য আৰু আত্মীয়তা প্ৰকাশ পায়।


পুৰুষ জাতিটোৱে অধিকাৰ কৰি থকা এই পৃথিৱীখনত মিৰ্জাখানিয়ে এটা এটাকৈ ছোৱালী জাতিৰ প্ৰতি থকা আমাৰ মনোভাৱবোৰ নোহোৱা কৰি গৈ থাকিল। মিৰ্জাখানিয়ে গোটেই পৃথিৱীৰে ছোৱালীজাতিটোৰ বাবে এক আদৰ্শ হৈ পৰিল। বিশেষকৈ ইৰাণৰ ছোৱালীবোৰৰ বাবে মিৰ্জাখানি সাহসৰ অন্য নাম হৈ পৰিল। মৃত্যুৰ পিছতো তেওঁ থমকি ৰোৱা নাই, তেওঁৰ বাবেই এতিয়া এটা এটাকৈ ছোৱালীৰ প্ৰতি থকা ইৰাণ দেশৰ নিয়ম ভাঙিব ধৰিছে- কোনো হিজাব নোহোৱাকৈ তেওঁৰ প্ৰতিচ্ছবি প্ৰকাশ কৰাটোৱেই এই কথা সূচায়।

তলত মিৰ্জাখানিৰ মৃত্যুত প্ৰকাশিত প্ৰতিক্ৰিয়া কিছুমান উল্লেখ কৰা হ’লঃ
“A light was turned off today, it breaks my heart … Gone far too soon,” said Firouz Naderi, an Iranian Nasa scientist. “A genius? Yes. But also a daughter, a mother and a wife.”
Tessier-Lavigne, the Stanford president, described Mirzakhanai as “a brilliant mathematical theorist, and also a humble person who accepted honours only with the hope that it might encourage others to follow her path.”
Edward Frenkel, University of California Berkeley professor and the author of the New York Times bestseller Love and Math, tweeted: “RIP #MaryamMirzakhani – a great mathematician and wonderful human being who broke a glass ceiling and inspired many, men and women alike.”

টেৰেন্স টাওয়ে তেওঁৰ ব্লগটোত মিৰ্জাখানিৰ মৃত্যুৰ প্ৰতিক্ৰিয়া জনায় আৰু তেওঁক লগ পোৱা মূহুৰ্তসমূহৰ কথা উল্লেখ কৰে।
শেষত এইটোৱেই কও যে, মাৰিয়াম মিৰ্জাখানি সাহসৰ প্ৰতীক হৈ ৰওক। আমি তেওঁক পাহৰিলেও, তেওঁ আমাক কেতিয়াও নাপাহৰে। তেওঁৰ কামবোৰৰ দ্বাৰাই তেওঁ আমাক সহায় কৰি গৈ থাকিব- আমি জীয়াই থকালৈ।
✍️ দেৱজিৎ পাটোৱাৰী
১৭।০৭।২০১৭
